নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৪০০ বছৰীয়া বীৰ লাচিত বৰফুকনৰ জন্ম দিনৰ উদযাপনৰ প্ৰস্তুতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

আজি নতুন দিল্লীত উপস্থিত হয় স্বাস্থ্য  বিভাগৰ মন্ত্ৰী তথা প্ৰদৰ্শনি বিভাগৰ দায়িত্বত থকা কেশৱ মহন্ত  আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। পোন প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয় ভাবে নতুন দিল্লীত অনুষ্ঠিত হব লগীয়া বীৰ লাচিত বৰফুকনৰ চাৰিশ সংখ‌্যক জন্মজয়ন্তী প্ৰস্তুতি স্থলীত উপস্থিত হয়। বীৰ জনাৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি এখনি প্ৰদৰ্শনি ব্যৱস্থা কৰা হৈছে। উক্ত প্ৰদৰ্শনিত অসমৰ এখন পৰম্পৰাগত গাঁও প্ৰদৰ্শন কৰা উপৰিও আহোম যুগৰ শৌৰ্য- বীৰ্য, স্থাপত্য- ভাস্কৰ্য  ইত্যাদি প্ৰদৰ্শিত কৰা হ'ব। আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে প্ৰস্তুতি সম্পৰ্কে বুজ লয়।