মঙ্গলদৈ: ২১ নবেম্বৰ::অসমৰ বিশিষ্ট নাট্যকাৰ, গীতিকাৰ, অভিনেতা নাট্যসিন্ধু   হেমন্ত দত্তলৈ আগবঢ়োৱা হৈছে নোৱানৈ পৰীয়া বঁটা ২০২২| দৰং ৰ বৃহত্তৰ ঔতলাৰ সামাজিক, শৈক্ষিক, সাংস্কৃতিক দিশৰ উত্তৰণৰ বাবে  নিয়োজিত হৈ থকা  অগ্ৰণী সংস্হা  নোৱানৈ পৰীয়া সাংস্কৃতিক মঞ্চই প্ৰথম বাৰৰ বাবে এই বঁটা প্ৰদান কৰে নোৱানৈৰ পূব আৰু পশ্চিম দিশ স্বমহিমাৰে উজলাই তোলা দৰঙী সন্তান জনক।

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতিজন দৰ্শকৰ এটা চিনাকি নাম হেমন্ত দত্ত।‌ বহু চিনাকি মনপৰশা গীতৰ স্ৰষ্টা হেমন্ত দত্তই বহুল সমাদৃত চমকপ্ৰদ কাহিনীৰ  মঞ্চ নাট টাইটানিকৰ কেপ্টেইন চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শকক আপ্লুত কৰিছিল। নোৱানৈ পৰীয়া সাংস্কৃতিক মঞ্চ ৰ সভাপতি  যুৱ সমাজকৰ্মী  তীৰ্থ ৰাম বড়ো আৰু সম্পাদক তথা অভিযন্ত্ৰা (এপিডিচিএল) ৰাহুল ডেকাৰ নেতৃত্বত  ২০ তাৰিখে বৰ্ষীয়ান শিল্পীজনৰ মঙ্গলদৈ স্হিত বাসগৃহত উপস্হিত হৈ  সংগঠনটিয়ে গামোচা, চেলেং চাদৰ,আৰনাই, শৰাই,ফুলৰ পুলি,জাপি,স্মাৰক আৰু প্ৰশস্তি পত্ৰৰে  উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰি চলিত বৰ্ষৰ নোৱানৈ পৰীয়া বঁটা ২০২২ অৰ্পণ কৰে। বঁটা আৰু সম্বৰ্ধনা গ্ৰহণ কৰি শ্ৰীদত্তই নিজৰ জন্ম স্হানত আপোন মানুহৰ মৰম, চেনেহ আৰ্শীবাদ সদায়ে অতুলনীয় আৰু ই প্ৰেৰণাৰ অপূৰ্ব সমল বুলি ব্যক্ত কৰে।

যুৱ উদ্যমী জয়ন্ত কুমাৰ শৰ্মাই আত ধৰা অনুষ্ঠানটিত মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি জনপ্ৰিয় কণ্ঠশিল্পী হীৰক চান ডেকা ,   মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক তথা সাপ্তাহিক জাৰ্ণেলিষ্ট বাৰ্তাৰ কলাইগাওঁৰ    প্ৰতিবেদক শশাঙ্ক প্ৰতীম শান্ডিল্যৰ লগতে অন্যান্য কৰ্মকৰ্তা সকল উপস্হিতি থাকে।‌শ্ৰী দত্তৰ সহধৰ্মিনী জোস্না দত্ত আৰু পৰিয়ালৰ সদস্যবৃন্দই নোৱানৈ পৰীয়া সাংস্কৃতিক মঞ্চৰ প্ৰচেষ্টাৰ শলাগ লয়।