Slug...Golaghat Physical Handicap attack Government

Anchor....আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰক ৰনত পেলাবলৈ সাজু উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদ ৷ মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ সময়ত চৰকাৰে প্ৰতিবন্ধী লোকসকলৰ লগত হেতালি খেলাৰ অভিযোগ সংগঠনটোৰ ৷ চৰকাৰে তেওঁলোকক নিযুক্তিৰ ক্ষেত্ৰত চাৰি শতাংশ পদত সংৰক্ষিত কৰাৰ কথা কৈছিল যদিও সেইয়া বাস্তৱত পৰিণত নোহোৱাৰ কথা উল্লেখ কৰে ৷ যাৰবাবে প্ৰতিবন্ধী সুৰক্ষা পৰিষদে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

V.O...বিজেপি চৰকাৰৰ বিৰুদ্ধে হুংকাৰ প্ৰদান উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ ৷ সংগঠনটোৱে উল্লেখ কৰে যে প্ৰতিবন্ধী লোকসকলক বৰ্তমান চৰকাৰখনে চৰকাৰী পদসমূহত চাৰি শতাংশ সংৰক্ষন কৰাৰ কথা উল্লেখ কৰিছিল যদিও বাস্তৱত সেইয়া নহ’ল ৷ যাৰবাবে এতিয়া প্ৰতিবন্ধী লোকসকলে চৰকাৰখনে তেওঁলোকৰ বিৰুদ্ধে কৰা বঞ্চনাৰ ক্ষোভ উজাৰে ৷ বৰ্তমান মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ সময়ত প্ৰতিবন্ধীসকলক পেটে ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন কৰে ৷ আনহাতে ৰাজ্য চৰকাৰে ৫১১ টা পদৰ বাবে তিনিবাৰকৈ পৰীক্ষা অনুস্থিত কৰি নিযুক্তি প্ৰক্ৰিয়া অনিদিষ্ট কাললৈ বন্ধ কৰা, এক লাখ নিযুক্তিৰ ক্ষেত্ৰত চাৰি শতাংশ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও বাস্তৱত সেইয়া হৈ নুঠাৰ অভিযোগ সংগঠনটোৰ ৷ আনহাতে প্ৰতিবন্ধী লকসকলৰ পেঞ্চন এহেজাৰ টকাৰ পৰা তিনিহাজাৰ টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী জনাই ৷ আনহাতে আগন্তুক দুৰ্গাপূজাৰ আগত যদি প্ৰতিবন্ধী লোকসকলৰ দাবী চৰকাৰে মানি নলয় তেতিয়া জংগী আন্দোলন গঢ়ি তোলাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰায় ১০ লাখ প্ৰতিবন্ধী লোকে চৰকাৰখনক বিপদত পেলাবলৈ সাজু প্ৰতিবন্ধী সুৰক্ষা পৰিষদ