অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰ আদি বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই আজি বিদ্যালয় দুইখন পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰাৰ লগতে বিদ্যালয় দুইখনৰ বিভিন্ন সমস্যাৱলীৰ বুজ লয়।
মন্ত্ৰী গৰাকীয়ে যোৰহাট অন্ধ বিদ্যালয়ৰ আন্ত:গাঁঠনিৰ উন্নয়নৰ লগতে খালী হৈ থকা শিক্ষকৰ পদসমূহ শীঘ্ৰেই পূৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। সভাখনত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা উপায়ুক্তৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।