সোণাৰিত ভাৰতীয় চাহ মজদুৰ সংঘৰ কাৰ্যালয় উদ্বোধন।

ভাৰতীয় চাহ মজদুৰ সংঘ চমুকৈ বি চি এম এচ ৰ এটি শাখা কাৰ্যালয় আজি শুভ উদ্বোধন কৰা হয়। বিচিএমএছৰ সোণাৰি শাখাৰ সভাপতি অনিল দাসে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কাৰ্যালয়টো। উদ্বোধনী অনুষ্ঠানত সোণাৰি শাখাৰ সম্পাদক তথা বীজ নিগমৰ উপাধ্যক্ষ পৱন বেদীয়া, বি চি এম এছ সোণাৰি শাখাৰ সভাপতি অনিল দাস, সাংগঠনিক সম্পাদক সন্তোষ তাছা উপস্থিত থাকে। উল্লেখ্য যে,

 সোণাৰিৰ প্ৰায় ১৯ খন বাগিচা সাঙুৰি সোণাৰিত ভাৰতীয় চাহ মজদুৰ সংঘৰ শাখা সমিতি গঠন কৰা হৈছে।