আজি নাজিৰা মহকুমাৰ অন্তৰ্গত গেলেকীৰ আচলাবাৰী,সন্দিকৈ লাহন গাঁও আৰু মেকিপুৰ চাহ বাগিছাত অবৈধ চুলাইৰ বিৰুদ্ধে আজি অভিযান চলাই নাজিৰাৰ আৱকাৰী বিভাগে।

প্ৰায় ৪০লিটাৰ অবৈ চুলাই, ৯০০লিটাৰ চুলাই বনোৱা পাচ আৰু চুলাই বনোৱা ২টাকৈ যন্ত্ৰ জব্দ কৰি ঠাইতে নষ্ট কৰে নাজিৰাৰ আৱকাৰী বিভাগে।

বিগত কেইবাদিনো ধৰি গেলেকীৰ আচলাবাৰী,সন্দিকৈ লাহন গাঁও আৰু মেকিপুৰ চাহ বাগিছাত অবৈধ চুলাইৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।