ৰাসৰ আনন্দৰ মাজতে নলবাৰীৰ বানেকুছিৰ ৩১ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।নিয়ন্ত্ৰণ হেৰুৱাই AS01BG5995 নম্বৰৰ ERTIGA বাহনে বুঢ়াদিয়া নৈৰ দলংত খুন্দাৰ মাৰে।

উল্লেখ্য যে হাউলীৰ পৰা ৰাস চাই উভতি অহাৰ সময়ৰ বানেকুছিত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত জাহিদুৰ ৰহমান,আদিত চহৰীয়া, ৰাহুল আলী আৰু প্ৰণৱ হালৈ নামৰ চাৰিজন ব্যক্তি নিহত হয়।ৰাসৰ আনন্দৰ মাজতে এই ঘটনাই সমগ্ৰ নলবাৰীতে শোকৰ ছা পৰিছে।