দেওমৰনৈত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শাখা সমিতি গঠন

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, দেওমৰনৈ আঞ্চলিক সমিতিৰ অন্তৰ্গত গৰীয়াপাৰা শাখা সমিতিখন আজি (১৭ নৱেম্বৰ'২০২২) গঠন কৰা হয়। তদুপলক্ষে স্থানীয় সংঘ প্ৰাঙ্গণত পৰিষদৰ দেওমৰনৈ আঞ্চলিক সমিতিৰ সভাপতি কমলা ডেকাৰ সঞ্চালনাত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। পৰিষদৰ দৰং জিলা সমিতিৰ উপদেষ্টা নৱজিৎ শৰ্মা, জিলাৰ সাংগঠনিক সম্পাদক নাৰায়ণ ডেকা, কাৰ্যনিৰ্বাহক সদস্য দীনেশ বনিয়া, দেওমৰনৈ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিপুল কুমাৰ নাথ উপস্থিত থকা সভাত দিগন্ত ডেকাক সভাপতি,মধু নাথ, নাৰায়ণ ডেকাক উপ-সভাপতি,প্ৰণৱ ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ গৰীয়াপাৰা শাখা সমিতিখন গঠন কৰা হয়।