মিছন বসুন্ধৰা ২.০ আৰু বিশেষকৈ ৰাজ্যত বানৰ পিছৰ পৰিস্থিতি সম্পৰ্কে বিতংকৈ আলোচনা কৰাৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী শ্ৰীযুত যোগেন মহন । কেইবাঘণ্টা জোৰা এই বৈঠকত ১৩-১৫ আগষ্টত পালন কৰিব লগা হৰ ঘৰ তিৰঙ্গা, মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ প্ৰস্তুতি সম্পৰ্কে বিশদ আলোচনা হয়। ইয়াৰোপৰি বানৰ পিছৰ এতিয়াৰ পৰিস্থিতি তথা যোৱা বানত ক্ষয় ক্ষতি সম্পৰ্কেও বিষদভাৱে বুজ লোৱা হয়।