নুমলীগড়ত ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা অসম বন্ধৰ সর্বাত্মক প্ৰভাৱ।
ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আহ্বান জনোৱা অসম বন্ধৰ সর্বাত্মক প্ৰভাব পৰা দেখা গ’ল। নুমলীগড়কে ধৰি দাঁতি কাষৰীয়া অঞ্চল সমুহত৷ প্ৰায় সংখ্যক দোকান বজাৰ বন্ধ থকাৰ বিপৰীতে ৩৯ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ চলাচল সেৰেঙা হোৱা পৰিলক্ষিত হয় ৷ নুমলীগড়ত আটছা ( স্বতন্ত্ৰ ) ৰ নেতা নুৰুল আলিৰ নেতৃত্বত বন্ধ সমৰ্থকে অসম বন্ধৰ সফল ৰূপায়ণ কৰাৰ আহ্বান জনোৱাৰ লগতে শীঘ্ৰেই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনায় ৷ অন্যথা ছয় জনগোষ্ঠী যৌথ মঞ্চই ইয়াতকৈও ভয়াবহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে৷