দৰঙৰ উলাৰাত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদত নামিল এদল মহিলা৷ অঞ্চলটোৰ একমাত্ৰ যাতায়তৰ পথটোৰ বিধ্বস্ত ৰূপে ৰাইজক জীয়াতু ভোগাই অহাৰ পিছত ক্ষোভিত এই সকল মহিলা ওলাই আহি পথত ভুই ৰুই সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ৷ দৰঙৰ উলাৰাৰ ভকতপাৰা-ভেৰুৱা-আন্ধেৰীঘাট লোকনিৰ্মান পথৰ পৰা খটৰা সত্ৰ সংযোগী পথটোৰ বিধ্বস্ত ৰূপে দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভোগাই আহিছে ৰাইজক৷

অঞ্চলটোৰ কেইবাখনো বিদ্যালয়লৈ এই পথেৰেই ছাত্ৰছাত্ৰী সকলে বিপদসংকুল ভাবে যাতায়ত অব্যাহত ৰাখিছে৷ ৰাইজৰ এই সমস্যা সন্দৰ্ভত বহুবাৰ স্হানীয় বিধায়ক তথা পঞ্চায়ত প্ৰতিনিধিক পথটো মেৰামতি কৰি দিবৰ বাবে আবেদন নিবেদন কৰি আহিছে যদিও এই পৰ্যন্ত চকু পৰা নাই ৷ইতিমধ্যে বিধ্বস্ত এই পথটোত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ৷