১৫ নবেম্বৰৰ অসম বন্ধৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ লগতে যৌথ মঞ্চ ত্যাগ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ।

ছয় জনগোষ্ঠী যৌথ মঞ্চ অসমে ছয় জনগোষ্ঠী তথা ভাৰতবৰ্ষৰ প্ৰথম জনজাতীয় শ্বহীদ বীৰ বীৰছা মুণ্ডৰ ১৪৭ তম্ জন্ম দিনটোত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত ১৫ নবেম্বৰ অৰ্থাত কালিলৈ ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধ কাৰ্যসূচীৰ পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰে। আজি আছা ৰ কেন্দ্ৰীয় সমিতিয়ে মৰাণৰ মন্দাকিনী হোটেলৰ সভাকক্ষত এখনি সংবাদমেল সম্বোধন কৰি এই কথা জানিব দিয়ে । এই সংবাদমেলত আছাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰুস্তম কুজুৰ, সাধাৰণ সম্পাদক দেবেন উৰাং, সাংগঠনিক সম্পাদক নিতিশ কুমাৰ গোঁড়, প্ৰচাৰ সম্পাদক মহেশ ঘাটোৱাৰ লগতে কেইবাগৰাকী আছাৰ কৰ্মী উপস্থিত আছিল।