বাৰ্মিংহাম কমনৱেল্থ গেমছৰ মহিলাৰ ২০০ মিটাৰ দৌৰৰ হিট ২-ত শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই অসম কন্যা হিমা দাসে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

২৩.৪২ ছেকেণ্ডৰে হিমাই তেওঁৰ প্ৰতিদ্বন্দ্বী সকলক পিছ পেলাই ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰে।

আজিৰ দৰে ছেমি ফাইনেলতো তেওঁৰ এই উজ্জীৱিত প্ৰদৰ্শন কামনা কৰিছে দেশবাসীয়ে।