সোণাৰিত শিশু দিৱস উদযাপন৷ ভাৰতীয় সেনাৰ দ্বাৰা শিশুসকলৰ মাজত বিভিন্ন খেলৰে উদযাপন কৰিলে শিশু দিৱস।

ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে সোণাৰিত উদযাপন কৰা হয় ৷

ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে দেশবাসীয়ে শিশু দিৱস হিচাপে পালন কৰি আহিছে । পণ্ডিত নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল সেয়েহে তেওঁৰ ওপজা দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয় । আজি পুৱা সোণাৰিৰ ৰাজহুৱা খেলপথাৰত সোণাৰি স্থিত ভাৰতীয় সেনাৰ জয়পুৰ বেটেলীয়েন ১৪ ৰাজপুত ৰেজিমেন্টে শিশু সকলৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোণাৰিতো শিশু দিৱসৰ বিভিন্ন কাৰ্যসূচী শিশুসকলৰ মাজত অনুষ্ঠিত হৈছে । ইয়াৰ পিছত ৰেজিমেন্টৰ বিষয়াসকলে প্ৰতিযোগিতাৰ অংশগ্ৰহণত স্থান লাভ কৰা শিশু সকলৰ মাজত বঁটা বিতৰণ কৰে।আজিৰ এই কাৰ্যসূচীত জিলা প্ৰশাসনৰ লগতে চৰকাৰী বিভাগ সমূহৰ বিষয়-ববীয়া,বিভিন্ন ক্রীড়াবিদ, ক্ৰীড়া সংগঠক আদি উপস্থিত থাকে।