হোজাই জিলাত কালিৰে পৰা আৰম্ভ হৈছে গুণোৎসৱ ৷ এই গুণোৎসৱৰ মাজতেই ডবকাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পয়া লগা ছবিয়ে আপোনাৰো চকু কপালত উঠিব ৷ বিদ্যালয়খন হৈছে হোজাই জিলাৰ যোগীজান শিক্ষা খণ্ডৰ অন্তৰ্গত ভেলৌগুৰি পথাৰ মধ্যম খণ্ড প্ৰাথমিক বিদ্যালয়৷
এখন পথাৰৰ মাজত অৱস্থিত এই বিদ্যালয়খনলৈ যাবলৈ নাই কোনো উপযুক্ত বাট পথ ৷ সদায়েই পানীৰ মাজেৰে বোকা গছকি ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়েত্ৰী সকলে অহা যোৱা কৰিব লগা হয় বিদ্যালয়খনলৈ ৷ বাহবেতেৰে নিৰ্মিত এটি গৃহৰ ভিতৰতেই ছাত্ৰ-ছাত্ৰী সকলক পাঠদান দিয়ে শিক্ষক শিক্ষয়েত্ৰী সকলে ৷ ইফালে বিদ্যালয় খনত এটা গৃহতে পাছটাকৈ শ্ৰেণীৰ 83 জন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহন কৰি আছে ৷