আজি বীৰ লাচিত সেনা , অসম কেন্দ্ৰীয় সমিতি তথ্য আৰু প্ৰচাৰ সচিব পবিত্ৰ গগৈ সভাপতিত্বত আৰু কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহা উপস্থিতিত শিৱসাগৰ জিলা সমিতি গঠনৰ উদ্দেশ্য নাজিৰা এম .চি . ক্লাৱত এখন সভা অনুষ্ঠিত হয় ।
উক্ত সভাৰ সিদ্ধান্ত মৰ্মে মাৰ্ধুয্য ৰাজকোঁৱৰক সভাপতি , প্ৰাঞ্জল শইকীয়াক উপ- সভাপতি , অনুপম সন্দিকৈক মুখ্য সচিব , পংকজ দাস আৰু উদয় আদিত্য বড়াক যুটীয়া সচিব , প্ৰাণচিভ নেওগক মুখ্য সাংগঠনিক সচিব , দিপাংকৰ বেজবৰুৱা আৰু ধনজিৎ গগৈক যুটীয়া সাংগঠনিক সচিব , ত্ৰৈলোক্য ৰাইদঙ্গীয়াক মুখ্য তথ্য আৰু প্ৰচাৰ সচিব , ফজৰ আলি আৰু বিতুপন বড়াক যুটীয়া তথ্য আৰু প্ৰচাৰ সচিব , যদুমণি শৰ্মাক সাংস্কৃতিক সচিব , জয়দ্বীপ দিহিঙীয়া আৰু দেৱাশিস ৰাজকোঁৱৰক যুটীয়া সাংস্কৃতিক সচিব ,মবিদুৰ ৰহমানক মুখ্য প্ৰশাসনিক সচিব , পাৰ্থ গগৈ আৰু সিমাদ্ৰী বৰুৱাক যুটীয়া প্ৰশাসনিক সচিব , মনোজ কুমাৰ বৰুৱাক ক্ৰিয়া সচিব , মনদ্বীপ গোঁহাই আৰু ভাস্কৰ টিপমিয়াক যুটীয়া ক্ৰিয়া সচিব , পাৰ্থ ফুকনক মুখ্য শিক্ষা সচিব , অৰিন্দম শইকীয়া আৰু নিতুল দুৱৰাক যুটীয়া শিক্ষা সচিব , অংকুৰ বৰুৱাক কাৰ্যলয় সচিব হিচাপে হৈ ২৫ জনীয়া এখন শক্তিশালী শিৱসাগৰ জিলা সমিতি গঠন কৰা হয় ।
উক্ত সভাৰ সৰ্ব সন্মতি মৰ্মে শিৱসাগৰ জিলা সমিতিৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি অংকুৰ গগৈ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হয় । অনাগত সময়ত নতুনকৈ গঠন হোৱা শিৱসাগৰ জিলা সমিতিখনে শিৱসাগৰৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ সমস্যাৰ সমাধান ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব বুলি জিলা মুখ্য সচিব অনুপম সন্দিকৈয়ে জানিবলৈ দিয়ে ।