শ্বহীদ বীৰ বিৰছা মুণ্ডাক সন্মান জনাই ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ঘোষণা কৰা অসম বন্ধ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান অসম মুণ্ডা মহাসভাৰ। ১৫ নৱেম্বৰ দেশজুৰি উদযাপন কৰা হয় বীৰ বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী। টিংখাঙতো বিশাল আয়োজন।

কেন্দ্ৰীয় চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণক নামত প্ৰতাৰণা কৰাৰ বিৰুদ্ধে অহা ১৫ নৱেম্বৰত ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ঘোষণা কৰা অসম বন্ধ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে অসম মুণ্ডা মহাসভাই । ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী প্ৰত্যেক বছৰে ১৫ নৱেম্বৰত সমগ্ৰ দেশজুৰি উদযাপন কৰা হয়। উক্ত দিনটোত বীৰ শ্বহীদ গৰাকীৰ জন্ম জয়ন্তী উদযাপন কৰা হয় । উক্ত দিনটোত অসম বন্ধ ঘোষণা কৰাত বিপাঙত পৰিছে বীৰ শ্বহীদ গৰাকীৰ জন্ম জয়ন্তী উদযাপন কৰা সমিতি সমুহ। অসম মুণ্ডা মহাসভা অবিভক্ত ডিব্ৰুগড়-তিনিচুকীয়া জিলা সমিতি, জিলা মহিলা সমিতিৰ উদ্যোগত তথা বামুণবাৰী, মৰাণ, খোৱাং, বৰবৰুৱা, টিংখাং ৰাজগড় আঞ্চলিক সমিতি আৰু সমূহ স্থানীয় ৰাইজৰ সহযোগত অসম মুণ্ডা মহাহভা অবিভক্ত ডিব্ৰুগড়-তিনিচুকীয়া জিলা সমিতিৰ সপ্তম পঞ্চবাৰ্ষিক অধিৱেশন আৰু ৰাষ্ট্ৰীয় ছহিদ বীৰ বিৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্ম জয়ন্তী টিংখাঙৰ ভামুন চাহ বাগিছা খেলপথাৰত ১৪ আৰু ১৫ নৱেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বিশাল আয়োজন কৰিছে। যত সমাগম হব উজনি অসমৰ অৰ্ধ লক্ষ্যাধিক লোক। বাহিৰ কৰা হব বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। ইতিমধ্যে প্ৰস্তুতি দ্ৰুত গতিত অব্যাহত ৰাখিছে। কিন্তু হঠাতে সেই দিনটোতেই ছয় জনগোষ্ঠী যৌথ মঞ্চই পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰাত বিপাঙত পৰিছে উদযাপন সমিতি। আজি উদযাপন স্থলীত অসম মুণ্ডা মহাসভাই এখন সংবাদ মেল আয়োজন কৰি ১৫ নৱেম্বৰ দিনা ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ অসম বন্ধ স্থগিত ৰাখিবলৈ আহ্বান জনাইছে। অসম মুণ্ডা মহাসভা কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডা, অসম মুণ্ডা মহাসভা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰবি বাৰ্লা, অসম মুণ্ডা মহাহভা অবিভক্ত ডিব্ৰুগড়-তিনিচুকীয়া জিলা সমিতিৰ সভাপতি মাণিক মুণ্ডা আদিৰ লগতে বহু কেইগৰাকী বিষয়ববীয়া সংবাদ মেলত উপস্থিত থাকি ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ এই সিদ্ধান্তক পুনৰ বিবেচনা কৰি সমগ্ৰ দেশজুৰি উদযাপন হৈ অহা বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী দিনটোত অসম বন্ধুৰ দৰে কাৰ্যসূচী গ্ৰহণ নকৰিবলৈ আহ্বান জনায়