শিৱসাগৰত আফ্ৰিকান চোৱাইন ফিভাৰে লৈছে ভয়াৱহ ৰূপ। জিলাখনৰ বিভিন্ন প্ৰান্তত মৃত্যু মুখত পৰিছে গাহৰি সমূহ। আজি দেখা পোৱা গৈছে শিৱসাগৰ খেলুৱা পশু চিকিৎসালয়ত গাহৰিৰ নিধন । বৃহৎ বৃহৎ গাহৰি সমূহ নিধন কৰিছে চিকিৎসকে। যিহেতু এই পশু চিকিৎসালয় খনত এখন গাহৰিৰ ফ্ৰাৰ্মত আফ্ৰিকান চোৱাইন ফিভাৰৰ অৱস্থিতি ধৰা পৰাৰ পিছত এটা চিকিৎসকৰ দলে এনেদৰে গাহৰি সমূহ নিধন কৰিবলৈ বাধ্য হৈ পৰিছে। কেৱল মাত্ৰ এই পশু চিকিৎসালয়তেই নহয় জানিব পৰা মতে জিলাখনৰ বিভিন্ন ঠাইত এই ৰোগত আক্রান্ত হৈ মৃত্যু মুখত পৰি আহিছে গাহৰি। 

এতিয়া প্ৰশ্ন হয় যি সমূহ গাহৰি পালকে বিভিন্ন বেঙ্কৰ পৰা ঋণ লৈ গাহৰি পালন কৰি নিজকে স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল তেওঁলোকৰ কি হ'ব ? ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ? এক ডাঙৰ প্ৰশ্ন... ?