ঔতলা, দৰং ১২নবেম্বৰ::বৃহত্তৰ ঔতলা অঞ্চলৰ অন্তৰ্গত অকলিবাৰী গাওঁৰ সৰহবৰহী অমায়িক সমাজকৰ্মী ব্যক্তি ভানুৰাম ডেকাৰ যোৱা নিশা নিজা বাসগৃহত ৮২ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত মৃত্যু হয়। তেওঁ কিছুদিন ধৰি শয্যাশায়ী হৈ আছিল। প্ৰয়াত ডেকা ঔতলা সনাতন ধৰ্মসভাৰ সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজাৰ প্ৰতিষ্ঠাকালৰ গুৰি ধৰোতা সকলৰ অন্যতম হোৱাৰ উপৰিও অকলিবাৰী প্ৰাথমিক বিদ্যালয় , অকলিবাৰী নৱজ্যোতি ক্ৰীড়া সংঘ , অকলিবাৰী উন্নয়ণ সমিতি ইত্যাদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পুৰোধা ব্যক্তিৰূপে পৰিচিত আছিল। তেখেতৰ মৃত্যুত ঔতলা সনাতন ধৰ্মসভাৰ সাৰ্বজনীন দূৰ্গা পূজা উদ্ যাপন সমিতি, ঔতলা গাঁও পঞ্চায়ত, অকলিবাৰী নৱজ্যোতি ক্ৰীড়া সংঘ, স্হানীয় কোচ ৰাজবংশী সন্মিলনী, শংকৰ সংঘৰ প্ৰাথমিক শাখা, অপৰূপা নামতি দল আদি অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পুত্ৰ -বোৱাৰী,জী-জোঁৱাই নাতি-নাতিনী সহ অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।
#Local News