প্ৰশাসনৰ নীতি নিৰ্দেশনাক ভেঙুচালি কৰি নাজিৰা মহকুমাটোৰ বিভিন্ন প্ৰান্তত ভূ-মাফিয়া সকলে অবৈধ মাটি খনন অব্যাহত ৰাখিছে | তাৰে সুবিধা লৈ একাংশ বন বিষয়াই ভূ-মাফিয়া সকলৰ পৰা কোৰানেৰে ধন ঘটাত ব্যস্ত হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে | জানিব পৰা মতে নাজিৰা মহকুমাটোৰ অন্তৰ্গত গেলেকী,নামতি ,মেজেঙা, মঠিয়াছিগা, কোৱামৰা,কেতেকীবাৰী এলেকাত এচাম ভূ-মাফিয়াই বন বিভাগৰ অনুজ্ঞাপত্ৰৰে অবৈধ মাটি খনন অব্যাহত ৰাখিছে । নাজিৰা প্ৰশাসনে এই সন্দৰ্ভত একাংশ ভূ-মাফিয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও একাংশ বনবিষয়াক ধনৰ টোপোলাৰে মেনেজ কৰি গ্ৰামাঞ্চল সমূহত এচাম ভূ-মাফিয়াই দিনে নিশাই অবৈধ মাটি খনন কৰি সন্ত্ৰাস চলাই আহিছে | উল্লেখ্য যে নাজিৰাত একাংশ প্ৰশাসনিক বিষয়াৰ, আৰক্ষীৰ নাম লৈ বিভিন্ন প্ৰান্তত ভূ-মাফিয়া সকলে অবৈধ মাটি খনন কৰি থকাৰ পিছতো বনবিভাগটো চকু মুদা কুলিৰ ভাওত মগ্ন ।

আজি নাজিৰা মেজেঙ্গাত অভিযান চলাই পৰা বনবিভাগে তিনিখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয় । AS04 8769 , AS04BC 7975, AS04 BC 0792 এই তিনিখন মিনি ডাম্পাৰে অবৈধভাৱে মেজেঙ্গাত মাটি সৰবৰাহ কৰি থকাৰ সময়ত বনবিভাগে জব্দ কৰি নাজিৰা আৰক্ষী থানালৈ লৈ আনে । উল্লেখ্য যে অবৈধ মাটি গাড়ী সমূহ বনবিভাগে জব্দ কৰি কৰ সংগ্ৰহ কৰাৰ পিছত গাড়ীসমূহ মুকলি কৰি দিয়ে যদিও সেই গাড়ী সমূহেই পুনৰ একাংশ বনবিষয়াৰ লগত ভূ মাফিয়া সকলে গোপন মিতিৰালিৰে আকৌ অবৈধ মাটি সৰবৰাহ কৰে বুলি অভিযোগ উঠিছে । সময়ে সময়ে ভূ মাফিয়া সকলৰ পৰা একাংশ বিষয়াই কমিছন নোপোৱাৰ বাবেই নাজিৰাত এখন নাটক ৰচনা কৰি আহিছে বুলি অভিযোগ উঠিছে । এনেদৰেই নাজিৰাত ভূ মাফিয়া সকলে গ্ৰামাঞ্চলৰ বাট পথ সমূহ যাতায়তৰ ক্ষেত্ৰত শোচনীয় কৰি অবৈধ মাটি খনন অব্যাহত ৰাখিছে । নাজিৰালৈ নৱ নিয়ুক্ত হৈ অহা মহকুমাধিপতি আয়ুসী জৈনক এই ভূ মাফিয়া সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে ।