চিআইডিয়ে অব্যাহত ৰাখিছে ধূলা কাণ্ডৰ তদন্ত। বিগত তিনি দিন ধৰি জেৰাটো অপৰাধ স্বীকাৰ কৰা নাই চিকিৎসক তিনিগৰাকীয়ে। ধূলা কাণ্ডত মৃত কিশোৰী গৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল ডাঃ অজন্তা বৰদলৈৰ নেতৃত্বত। অপৰাধ স্বীকাৰ নকৰা তিনিওগৰাকী চিকিৎসককে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, তিনি গৰাকী চিকিৎসকে প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাৰ অন্তত কিশোৰ গৰাকীয়ে আত্মহত্যা কৰা বুলি ৰায় দিছিল। দোষীয়ে যৌন আতিশয্য চলাই পৰৱৰ্তী সময়ত হত্যা কৰা বুলি প্ৰমাণ হোৱাৰ পিছতো চিকিৎসক তিনি গৰাকীয়ে এই কথা প্ৰতিবেদনত উল্লেখ কৰা নাছিল।

হত্যাকাণ্ডৰ কথা স্পষ্ট হোৱাৰ পাছতো বৰ্তমানো নিজৰ স্থিতিত বাহাল আছে চিকিৎসক তিনিগৰাকী। যাৰ বাবে, তিনি দিনীয়া জেৰাৰ অন্তত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে তিনিও গৰাকী চিকিৎসকক।

কেৱল চিকিৎসক তিনিগৰাকীয়েই নহয় ইতিমধ্যে আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় আৰু দণ্ডাধীশ আশীৰ্বাদ হাজৰিকালৈও জাৰী কৰা হৈছিল চমন। কিন্তু ৰাজমোহন ৰায় আৰু আশীৰ্বাদ হাজৰিকা উপস্থিত নহ’ল চিআইডিৰ কাৰ্যালয়ত। তথ্য অনুসৰি দুয়োগৰাকী বিষয়াৰ ওপৰত প্ৰিভেনশ্বন অৱ কৰাপচন এক্টৰ আধাৰত তদন্ত চলাই থকা হৈছে।