কৰ্ণাটকত অনুষ্ঠিত হৈ যোৱা শিক্ষক যোগ্যতা পৰীক্ষা (টেট-২০২২)ত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ এডমিট কাৰ্ডত বলীউডৰ অভিনেত্ৰী ছানী লিয়নীৰ ফটো সন্নিৱিষ্ট হৈছে। এডমিট কাৰ্ডৰ স্ক্ৰীণশ্বট ভাইৰেল হোৱাৰ পিছতে শিক্ষা বিভাগে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে।
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
এই ঘটনাটো সংঘটিত হৈছিল ৰাজ্যখনৰ ৰুদ্ৰপ্পা কলেজত। পৰীক্ষাৰ সময়ত এজন প্ৰাৰ্থীয়ে ছানী লিয়নৰ ছবি সন্নিৱিষ্ট এডমিট কাৰ্ড দাখিল কৰাত অধ্যক্ষই চাইবাৰ ক্ৰাইম পুলিচত এজাহাৰ দাখিল কৰে।
প্ৰাৰ্থীগৰাকীয়ে অনলাইন আবেদনৰ সময়ত ফটো আপলোড কৰাত নিশ্চয় ভুল হৈছিল বুলি আৰক্ষীয়ে জানিব দিয়ে। ঘটনা সন্দৰ্ভত শিক্ষা বিভাগে এক বিবৃতিত কয় যে প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগে য’ত ইউজাৰ আইডি আৰু পাছৱৰ্ড জেনেৰেট হয়, সেইটো প্ৰাৰ্থীৰ বাবে বাধ্যতামূলক। ইয়াত আন কোনেও হস্তক্ষেপ কৰিব নোৱাৰে।
ইফালে এই বিষয়টোক লৈ বিৰোধী কংগ্ৰেছ দলে শাসকীয় দল তথা বিভাগটোক ক্ষুৰধাৰ সমালোচনা কৰিছে।