আজি ২৫ বছৰত ভৰি দিলে ঐতিহাসিক অসম চুক্তিৰ ফলত জন্ম লাভ কৰা উত্তৰ- পূৱ ভাৰতৰ কলা - সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই। ২৪ বছৰ পূৰ্বে ৯ নবেম্বৰৰ দিনটোতেই গুবাহাটীৰ পাঞ্জাবাৰীত প্ৰতিষ্ঠা লাভ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই। আজি হটব ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান।

পুৱা ২৫ খন চানেকীযুক্ত পতাকা উত্তোলনৰ পিছতে ২৫ যোৰা মৃদংগীয়া গায়ন বায়ন, ২৫ গন শিক্ষানুস্থানৰ ছাত্ৰ ছাত্ৰীৰ লগতে ২৫ টি নৃগোষ্ঠীয় শিল্পীদল আৰু আয়তীৰ সমাহাৰেৰে উলিওৱা হৈছে বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা ।