হোজাইত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ।বন্যহস্তীৰ জাকে তাণ্ডৱ চলালে দীঘলবালি অঞ্চলত।নিশাৰ পৰা পুৱাৰ ভাগলৈ খেতি পথাৰত তাণ্ডৱ চলালে প্ৰায় 15-20 জনীয়া হাতীৰ দলটোৱে। বিগত কেইবাদিন ধৰি বন্যহস্তীৰ জাকটোয়ে হোজাইৰ দাঁতিকাষৰীয়া অঞ্চলত অৱস্থান কৰি আছিল।

নিশা হ'লেই খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা আহি জনাঞ্চলত উপস্থিত হৈ তাণ্ডৱ চলাই হাতীৰ জাকটোৱে।আজিও পুৱাৰ ভাগত হাতীৰ জাকটোয়ে দীঘলবালি অঞ্চলত খেতি পথাৰ খাই তহিলং কৰে। ইতিমধ্যে বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সৈতে চেষ্টা চলাইছে হাতীৰ জাকটো খেদিবৰ বাবে।