সোণাৰিত "চাফ্ৰাই মণ্ডলৰ মহিলা মৰ্চা"ৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। 

আজি চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত চাফ্ৰাই মণ্ডলৰ মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। মহিলা মৰ্চাৰ সংগঠন শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে অনুষ্ঠিত সভাত উপস্থিত থাকে সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। বিধায়ক গৰাকীয়ে মহিলা সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। বক্তব্যত তেখেতে মহিলা সকলৰ ৰাজনৈতিক সচেতনাতাই সমাজ খনক শক্তিশালী কৰি তোলা আৰু মহিলা সকল হৈছে মাতৃ। এগৰাকী ভাল মাতৃয়ে এজন সুসন্তান জন্ম দিব পাৰে। তেতিয়া দেশ খন আৰু জাতীটো সুন্দৰ হয়। সুস্থ ৰাজনৈতিক পৰিবেশৰ বাবে মহিলা সকল সচেতন হ'ব লাগিব বুলি মন্তব্য সামৰে।

চাফ্ৰাই মহিলা মৰ্চাৰ সভানেত্ৰী চিত্ৰলেখা বাইলুং মালাকাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উপস্থিত থাকে চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰনীতা পাংগিং, সম্পাদিকা ললিতা বড়া, সংগীতা দাস, মঙ্গলৰ সম্পাদিকা চৰাইদেউ জিলা বিজেপিৰ মিডিয়া কোষৰ আহ্বায়ক বিজয় গগৈৰ লগতে অৰ্ধশতাধিক মহিলা কাৰ্যকৰ্তা উপস্থিত থাকে।