এ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱা সোণাৰি ড্ৰিম জন আই এ এছ একাডেমীৰ প্ৰাৰ্থী সকলক সম্বৰ্ধনা জ্ঞাপন

সদ্য ঘোষিত এ পি এছ চি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সোণাৰি ড্ৰিম জন একাডেমীৰ প্ৰাৰ্থী সকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে আজি সোণাৰি এলিট একাডেমীত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। সোণাৰিৰ অৱসৰপ্ৰাপ্ত শিক্ষক মণি গগৈয়ে আঁতধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, সমাজকৰ্মী লাচিত গগৈ, সোণাৰি এলাইট একাডেমীৰ পৰিচালনা সঞ্চালক ধ্ৰুৱ বৰগোহাঞ,প্ৰবক্তা দীপাংকৰ মালাকাৰ, বাণী চাংমাই আদিয়ে ভাষণ দিয়ে। সভাত সোণাৰি ড্ৰিম জন আই এ এছ একাডেমিৰ পৰা প্ৰশিক্ষণ লাভ কৰি এ পি এছ চি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চাৰিজন প্ৰাৰ্থী ক্ৰমে লক্ষজিত গগৈ, সুভজিত খাউণ্ড, অনন্যা লিজা দত্ত, বিশাল গগৈ আৰু সোণাৰি নাফুক অঞ্চলৰ স্থায়ী বাসিন্দা অভিলাশ বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।