তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতীৰ পৌৰহিত্যত প্ৰস্তাৱিত পানী (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ), অসম (সংশোধনী) নিয়ম-2022 সম্পৰ্কে  সংশ্লিষ্ট ব্যক্তি তথা অংশীদাৰসকলৰ পৰা মতামত বিচাৰি এখনি গুৰুত্বপূৰ্ণ সভা আজি তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্তৰ কাৰ্য্যালয়কক্ষত অনুষ্ঠিত হয়।

সভাত বিভিন্ন  পূজা উদযাপন কমিতিৰ বিষয়ববীয়া তথা প্ৰতিমা নিৰ্মাণকৰ্তাসকল উপস্থিত থাকে।

বিভিন্ন উৎসৱ-পাৰ্বনত নদ-নদী তথা আন জলাশয়সমূহত হোৱা পানীৰ প্ৰদূষণ কিদৰে প্ৰতিৰোধ তথা  নিয়ন্ত্ৰণ কৰিব পাৰি সেই সন্দৰ্ভত সভাত বিভিন্নজনে নিজ নিজ মন্তব্য আগবঢ়ায়।

সভাত পানীৰ প্ৰদূষণ ৰোধ কৰিবৰ বাবে  প্ৰতিমা নিৰ্মাণকৰ্তাসকলক প্ৰতিমাসমূহ প্ৰকৃতিৰ অনুকূল সামগ্ৰীৰে নিৰ্মাণ কৰাৰ লগতে  কোনোধৰণৰ প্লাষ্টিকজাতীয় তথা থাৰ্মকল'ৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে পূজা মণ্ডপৰ সাজ-সজ্জাত  প্লাষ্টিক তথা থাৰ্মকল'ৰ সামগ্ৰী ব্যৱহাৰ নকৰি প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ  দিয়ে ।

আনহাতে, নদী অথবা অন্যান্য পুখুৰী আদিত প্ৰতিমা বিসৰ্জন দিয়াৰ সময়ছোৱাত প্ৰতিমাৰ লগত থকা সকলোধৰণৰ প্লাষ্টিকজাতীয় সামগ্ৰী আতঁৰাই দিয়াৰো পৰামৰ্শ আগবঢ়োৱা হয়।

সভাত অতিৰিক্ত উপায়ুক্ত শ্ৰী দিপু কুমাৰ ডেকাই স্থায়ী পূজাৰ মণ্ডপত যথাসম্ভৱ স্থায়ী প্ৰতিমাৰ ব্যৱস্থা কৰাৰ ওপৰত মতামত আগবঢ়ায়।

 

অস্থায়ী পূজাৰ মণ্ডপত প্ৰতিমাৰ উচ্চতা ১০ ফুটতকৈ অধিক আৰু ব্যক্তিগত পূজাৰ প্ৰতিমা ৫ ফুটতকৈ অধিক নকৰিবলৈ সভাত পৰামৰ্শ আগবঢ়োৱা হয়।

পূজাৰ সংখ্যা সীমিত কৰাৰ ওপৰতো আজিৰ সভাত মতামত আগবঢ়োৱা হয়।

প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ কাৰ্য্যৱাহী অভিযন্তা শ্ৰী জে.কে গগৈয়ে পানীৰ গুণাগুণ লাঘৱ হব পৰা যিকোনো ধৰণৰ সামগ্ৰী তথা ৰং প্ৰতিমা নিৰ্মাণত ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

জিলা উন্নয়ন আয়ুক্ত শ্ৰী নয়নজ্যোতি ভাগৱতীয়ে প্ৰতিমা নিৰ্মাণকৰ্তা তথা পূজা উদযাপন কমিতিৰ বিষয়ববীয়াসকলক পৰিবেশ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি আগন্তক যিকোনো পূজা তথা উৎসৱ উদযাপনৰ বাবে অনুৰোধ কৰে।

ইয়াৰ উপৰিও,  নদ-নদীৰ পানীৰ প্ৰদূষণ ৰোধ কৰিবৰ বাবে  যথাসম্ভৱ সহযোগিতা আগবঢ়াবলৈয়ো আহ্বান জনায়।

সভাত অতিৰিক্ত উপায়ুক্ত শ্ৰী মনজিৎ বৰকাকতী, শদিয়া মহকুমাৰ মহকুমাধিপতি শ্ৰী অনুপম ডেকা, সহকাৰী আয়ুক্ত শ্ৰীমতী অপৰূপা বৰগোহাঁই প্ৰমুখ্যে অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকল  উপস্থিত থাকে ।