৭৫ তম স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশতেই পালন কৰিব লগীয়া বিশেষ কাৰ্যসূচী হৰ ঘৰ তিৰংগাৰ বিষয়ে কণ কণ শিশুবোৰৰক সজাগ কৰিবলৈ ৰঙিয়াৰ এজন যুৱকে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । যুৱকজন হৈছে ৰঙিয়া আৰিমত্ত্ব বিদ‍্যাপীঠ এল পি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা যুৱ সমাজ কৰ্মী ঋষি লহকৰ । ঋষিয়ে বিদ্যালয়খনৰ প্ৰথমিক শাখাৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত স্বাধীনতা দিৱস আৰু জাতীয় পতাকাৰ মহত্বৰ বিষয়ে আলোচনা কৰে । ছাত্র-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰোঁতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক দীনেশ লহকৰৰ লগতে আন আন শিক্ষক সকলেও যুৱক জনক সহায়ৰ হাত আগবঢ়ায় । বিদায় লোৱাৰ পূৰ্বে ঋষি লহকৰে ছাত্র-ছাত্ৰী সকলৰ মাজত জাতীয় পতাকা বিতৰণ কৰি উপস্থিত প্ৰতিগৰাকী ব‍্যক্তি আৰু ছাত্র-ছাত্ৰীক আগন্তুক ১৩ ৰ পৰা ১৫ আগস্তলৈ নিজৰ বাসগৃহত জাতীয় পতাকা উত্তোলন কৰিবলৈ অনুৰোধ কৰে ।