আজি নাজিৰা মহকুমাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত ৰক্তদান শিবিৰ সম্পন্ন ।

'ৰক্তদান মহৎ দান ,ৰক্তদান জীৱন দান'–এই কথাক সাৰোগত কৰিয়েই গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষ, 

ইক' ক্লাব আৰু গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত, ৪ নৱেম্বৰ ২০২২ তাৰিখে গড়গাঁও মহাবিদ্যালয়ৰ ৰুচা ভৱনত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়।  

এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা ৰক্তদান শিবিৰটিত বক্তব্য প্ৰদান কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই কয় যে ৰক্তদান মহান দান,এজনৰ ৰক্তদানে প্ৰদান কৰিব পাৰে আন এজনৰ জীৱন। এতিয়ালৈকে ৫০ বাৰৰো অধিক ৰক্তদান কৰি লাভ কৰা অভিজ্ঞতাৰ আলোকপাত কৰি তেওঁ ব্যক্ত কৰে যে ৰক্ত প্ৰয়োজন হোৱা এজন ব্যক্তিৰ হিতৰ কাৰণে চিন্তা কৰা মানে এটা পৰিয়ালৰ মুখত হাঁহি বিৰিঙোৱা৷ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড° ৰিমঝিম বৰাই আঁত ধৰা আৰু ড০ মিণ্টু গগৈয়ে সহযোগ কৰা শিবিৰটিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ দ্বীজেন কোঁচে তেজৰ গঠন প্ৰক্ৰিয়া আৰু ৰক্তদাতাসকলক ৰক্তদানৰ উপকাৰিতা সম্পৰ্কে এক সজাগতা মূলক বক্তব্য আগবঢ়াই কয় যে মানৱ শৰীৰ হৈছে এক কাৰখানা,য’ত তেজৰ উৎপন্ন হয়,ইয়াৰ কোনো বিকল্প ব্যৱস্থা পোৱা নাযায়৷ । মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উৎসাহ প্ৰদানৰ বাবে অধ্যক্ষ ড০ সব্যসাচী মহন্তই প্ৰথমেই ৰক্ত দান কৰে।

মহাবিদ্যালয়ৰ শতাধিক ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকল- স্বেচ্ছাসেৱিকাসকল,অধ্যাপক- অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে,ৰক্তদান শিবিৰটোত ৰক্তদান কৰি মহানতাৰ পৰিচয় দিয়ে৷

বিয়লি ৩ বজাত অন্ত পৰা ৰক্তদান শিবিৰটি দিনযোৰা কাৰ্যসূচীৰে সুকলমে সম্পন্ন হোৱাৰ বাবে কাৰ্যক্ৰম বিষয়া ড° ৰিমঝিম বৰাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।