ঢকুৱাখনা বাসুদেৱ থান নৰোৱা সত্ৰত ৰাস মহোৎসৱক লৈ উখল মাখল পৰিবেশ

সমাগত ৰাস মহোৎসৱ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূৰ্ণগতিত চলিছে iৰাসৰ আখৰা সমান্তৰালকৈ ঢকুৱাখনাৰ পশ্চিম প্ৰান্তত অৱস্হিত ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰটো দেখা গৈছে কণ কণ শিশুসকলে দিনে নিশাই চলিছে পূৰ্ণগতিত ৰাসৰ আখৰা ব্যস্ত। প্ৰকাণ্ড অজগৰ অঘাসুৰে গিলিছে গোপবালক সকলক ইফালে বঘাসূৰেও কৰিছে যুদ্ধ কৃষ্ণ ৰূপী গোপবালকৰ সৈতে৷

 ৰাসৰ উদযাপন সমিতিৰ ব্যৱস্থাপনা অহা ১৩ নবেম্বৰত এদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত কৰাৰ দিহা কৰিছে, আজিকোপতি বাসুদেৱ থান নৰোৱা সত্ৰত ৰাসত মহিলা বা ছোৱালীক অভিনয় কৰিবলৈ দিয়া নাই বুলি উদ্যোক্তাসকলে জনাইছে৷