শতবৰ্ষ অতিক্ৰম কৰা দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আজিৰেপৰা অনুষ্ঠিত হৈছে। ইতিমধ্যে শতবৰ্ষ অতিক্ৰমী ১০৩ বৰ্ষত ভৰি দিয়া চৰাইদেউ জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় ১৯১৯ চনতে প্ৰতিষ্ঠা লাভ কৰিছিল। ২০১৯ চনত ইতিমধ্যে শতবৰ্ষ আৰম্ভণি অনুষ্ঠান আয়োজন কৰা হৈছিল যদিও ক'ভিডকালীন পৰিৱেশৰ বাবে সামৰণি অনুষ্ঠান স্থগিত ৰখা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত আজিৰেপৰা অহা ৬ নৱেম্বৰলৈকে আয়োজন কৰা হৈছে সামৰণি অনুষ্ঠানৰ। 

চৰাইদেউ পৰ্বতৰ নামনিত ধোদৰ আলিৰ দাঁতিত বৃটিছ আমোলতে স্থাপন কৰা শিক্ষানুষ্ঠান খনৰ শতবৰ্ষ সামৰণি অনুষ্ঠান আজি পুৱাৰ ভাগত পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয়। বিদ্যালয়খন উচ্চ মাধ্যমিক পৰ্যায়ৰপৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাৰ পাছত প্ৰথমগৰাকী অধ্যক্ষ হিচাপে নিযুক্ত সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন ছাত্ৰ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু বিদ্যালয় খনৰ অধ্যক্ষ মোহন সন্দিকৈয়ে মূল পতাকাৰ লগতে মুঠ ১০৩ খন পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয় সামৰণি অনুষ্ঠান। আনহাতে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ পাছত স্থায়ী স্মৃতি সৌধ উন্মোচন কৰা। ইয়াৰ পাছতেই বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিৰ্মাণ কৰি দিয়া প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ আৱক্ষ মূৰ্তি নিজে উন্মোচন কৰে প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।