মাহমৰাৰ মৰাণ নগৰ স্থিত মৰাণ উচ্চতৰ মাধ্যমিক।বিদ্যালয়ত ডিজিটেল শ্ৰেণীকোঠা আৰু স্মাৰ্ট শ্ৰেণীকোঠা উদ্বোধন কৰেঅসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। মৰাণ উচ্চতৰ মাধ্যমিক। বিদ্যালয়ত প্ৰয়াত খগেন্দ্ৰ নাথ শৰ্মাৰ সোঁৱৰণত পুত্ৰ ৰাজীৱ লোচন শৰ্মাই আগবঢ়োৱা ডিজিটেল শ্ৰেণীকোঠা আৰু স্বেচ্ছাসেৱী অনুষ্ঠান আমেৰিকা ইণ্ডিয়া ফাউণ্ডেচনে আগবঢ়োৱা স্মাৰ্ট শ্ৰেণীকোঠা উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী জনে।
অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, শিৱসাগৰ জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক কমলজ্যোতি গগৈ চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া, মাহমৰা ৰাজহ চক্ৰ বিষয়া ইণ্ডিকা গগৈ মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰ। মৰাণ পৌৰসভাৰ সভাপতি অৰূপ দত্ত, মৰাণ।উচ্চতৰ মাধ্যমিক। বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্য আৰু বহুসংখ্যক গণ্যমান্য ব্যক্তি আৰু কেইবাশ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
 
  
  
  
 