ভাৰতীয় সেনাৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে উত্তৰ পূবত অনুষ্ঠিত হৈছে Rising Sun Water festival
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মেঘালয়ৰ বৰাপানীত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই উৎসৱ । ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ ৰেড হৰ্ণছ ডিভিজনৰ উদ্যোগ তথা অসম ৰাইফলছ আৰু মেঘালয়ৰ বিভিন্ন স্থানীয় গোটৰ সহায়ত আয়োজন কৰা হৈছে এই উৎসৱটি । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মেঘালয়ৰ মুখ্যমন্ত্ৰী কংৰাদ চাংমা ।ভাৰতীয় সেনাক এনেকুৱা কাৰ্যসূচী মেঘালয়ত অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ দিয়ে কংৰাড চাংমাই ।অনাগত সময়ত এনেকুৱা অনুষ্ঠানে মেঘালয়ৰ পৰ্যটনৰ লগতে স্থানীয় গোট আৰু খেলুৱৈ সকলক উৎসাহিত কৰিব ।মেঘালয়ৰ ভিন্ন ঠাইত অহা বছৰৰ পৰা এনেকুৱা ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হব বুলি কয় মেঘালয়ৰ মুখ্যমন্ত্ৰী কংৰাড চাংমাই ।আজিৰ অনুষ্ঠানত 4 ক্ৰপছৰ জিওচি দীনেশ সিং ৰাণাৰ উপৰি সেনাৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে । আনহাতে আজি ইয়াত সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি গায়িকা প্ৰিয়ংকা ভৰালীয়ে বিহু সংগীতত নচুৱাই সকলো দৰ্শকক ।