বিনামূলীয়া স্বাস্থ্য সংস্থা "চেৰাজেম"ৰ এটি শাখা আজি গোৱালপাৰাৰ টিলাপাৰাত মুকলি কৰা হয়। গোৱালপাৰা জিলাৰ উপ-আৰক্ষী অধিক্ষক পাহাৰী কোৱঁৰে ফিটা কাটি মুকলি কৰা চেৰাজেমৰ এই শাখাত পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ বিনামূলীয়াকৈ সেৱা আগবঢ়োৱা হ'ব।

বিশেষ ভাৱে ৰাজহাড়ত থেৰাপী প্ৰদান কৰা চেৰাজেমৰ আজিৰ মুকলি অনুষ্ঠানত অধ্যাপক জয়নাল আবদিন, পি আৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চাজিম উদ্দিন আহমেদ, বিশিষ্ট সমাজসেৱক কৃৰ্তিনাৰায়ণ দাস প্ৰমুখ্যে গোৱালপাৰা জিলাৰ বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে।