বুধবাৰে ৰাজস্থান ৰাজ্যিক মহিলা আয়োগে এক গুৰুত্বপূৰ্ণ  সিদ্ধান্ত গ্ৰহণ কৰে৷ এই সিদ্ধান্ত অনুসৰি  অত্যাচাৰৰ বিষয়ে মিথ্যা অভিযোগ উত্থাপন কৰা  মহিলাসকলৰ বিৰুদ্ধে  এজাহাৰ পঞ্জীয়ন কৰা হ'ব। এই সিদ্ধান্তৰ সমান্তৰালভাৱে বহু প্ৰতিবাদো গঢ় লৈ উঠিছে৷বহু মহিলা কৰ্মীয়ে দাবী কৰিছে যে, এনে সিদ্ধান্তই মহিলাসকলক ন্যায় প্ৰাপ্তিৰ বাবে আইনৰ কাষ চাপিবলৈ ভীতিগ্ৰস্ত কৰি তুলিব৷

ইয়াৰ বিপৰীতে আয়োগে যুক্তি উত্থাপন কৰি কয় যে, মহিলাৰ সুৰক্ষাৰ গইনা লৈ আইনৰ অপব্যৱহাৰৰ অনুমতি দিয়া নহ'ব। মহিলা সংস্থাটোৱে এইটোও কয় যে অপ্ৰয়োজনীয় মিছা গোচৰৰ বৰ্ধিত সংখ্যাৰ বাবে চৰকাৰক বদনাম কৰা হৈছে।

ৰাজস্থানৰ মহিলা আয়োগে এনে ধৰণৰ ৪১৮ টা গোচৰ চিনাক্ত কৰিছে ৷ আয়োগে যুক্তি দিছে যে মহিলাৰ সুৰক্ষাৰ গইনা লৈ আইনৰ অপব্যৱহাৰৰ অনুমতি দিয়া নহ'ব। মহিলা সংস্থাটোৱে এইটোও কয় যে অপ্ৰয়োজনীয় মিছা গোচৰৰ বৰ্ধিত সংখ্যাৰ বাবে চৰকাৰক বদনাম কৰা হৈছে।

উল্লেখযোগ্য যে, ভাৰতীয় দণ্ডবিধি আইনৰ  ধাৰাৰ অধীনত মিছা গোচৰ ৰুজু কৰা মহিলাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা প্ৰথমখন ৰাজ্য ৰূপে ৰাজস্থান পৰিগণিত হ’ব৷