এচাম বনদস্যুৰ বিৰুদ্ধে ওলাই আহিছে এইসকল যুৱক। শোনিতপুৰ জিলাৰ অসম অৰুনাচল সিমান্তৰ চাৰিদুৱাৰৰ চপালগা গাওঁৰ যুৱক এইসকল। এইসকল যুৱক এনেদৰে ওলাই আহিছে প্ৰকৃতি ৰক্ষাৰ বাবে। হয় হাতত বেনাৰ লৈ এনেদৰে ওলাই আহিছে এইসকল যুৱক। চপালগা গাঁওত অৱস্থিত এইখন গুঁইনেজীয়া পাহাৰ এই পাহাৰখনে গাওঁখনৰ লগতে বৃহত্তৰ চাৰিদুৱাৰ অঞ্চলটোৰ এক ইতিহাস বহন কৰি আহিছ। এই পাহাৰখনত বৰ্তমানেও বানৰজাৰ দিনৰ ইটা পোৱাৰ লগতে বহু মূল্যৱান লছ লতা পোৱা যায় কিন্ত বৰ্তমান এই পাহাৰখনলৈ নামি আহিছে গভীৰ সংকট।

পাহাৰখনৰ লগত থকা সৰু বৰ গছ কাটি তহিলং কৰিছে এচাম দুষ্টচক্ৰই।হিমালয়ৰ পাদদেশত অৱস্থিত এই পাহাৰখনৰ দাঁতিত বন বিভাগৰ উদ্যোগত বহু কোটি টকা খৰচ কৰি ৰোপন কৰা হৈছিল বহু মূল্যৱান গছ এই গছবোৰ পুলিতে কাটি তহিলং কৰিছে এচাম দুষ্টচক্ৰই সমান্তৰালভাৱে বনদস্যুৱে এই গছ সূমুহ কাটি কাঠ কটাও দেখিবলৈ পোৱা গৈছে এই ভিজুৱেল সমূহে তাৰ সাক্ষী। এইসকল বন দস্যুৰ বিৰুদ্ধে এনেদৰে ওলাই আহিছে এইসকল যুৱক। পাহাৰখনৰ ভিন্ন প্ৰান্তত এনেদৰে বেনাৰ মাৰি এই সকল লোকক সজাগ কৰাৰ চেষ্টা কৰিছে যুৱকসকলে।

উল্লেখ্য যে এই বনদস্যুৱে মেচিন ব্যৱহাৰ কৰি গছ সমূহ কাটি নিয়াৰ গুৰুতৰ অভিযোগ উথাপন কৰাৰ লগতে প্ৰকৃতি বিনাশি এইসকল লোকে হাতত হস্ত নিৰ্মিত বন্দুক লৈ এই পাহাখনত প্ৰবেশ কৰাৰ এক গুৰুতৰ অভিযোগ উথাপন কৰিছে। ৰাইজ তথা এইসকল লোকে বন ধ্বংশৰ এই বিষয়টো বাৰে বাৰে বন বিভাগক অৱগত কৰোৱাৰ পাছতো আজি পৰ্য্যন্ত কোনো ধৰনৰ ব্যৱস্থা নোলোৱাত এনেদৰে ওলাই আহিছে এইসকল প্ৰকৃতিপ্ৰেমী যুৱক ।