নাজিৰা মহকুমাৰ গেলেকীত দুষ্প্ৰাপ্য শকা সাপ উদ্ধাৰ কৰি বনবিভাগক গতাই দিয়ে ভাতৃদ্বয়ে।

    শিৱসাগৰ জিলাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত কলেজ পথৰ বিদ্যুৎ শইকীয়া আৰু দীপক শইকীয়া যোৱা ৰাতি প্ৰায় 10 মান বজাত বিদ্যুৎ শইকীয়া নিজৰ ঘৰৰ চৌহদত প্ৰত্যক্ষ কৰে এটা শকা সাপ । সাপটো বিষাক্ত প্ৰজাতিৰ শকা বেণ্ডেত কেৰেট বুলি বনবিভাগে চিনাক্ত কৰিছে।

সম্প্ৰতি দুষ্প্ৰাপ্য এই সাপটো বিদ্যুৎ শইকীয়াই প্ৰত্যক্ষ কৰি ভাতৃ দীপক শইকীয়াৰ সহযোগত বস্তাত ভৰাবলৈ সক্ষম হয়।

আজি পুৱাই বনবিভাগৰ লগত যোগাযোগ কৰি চমজাই দিয়ে সাপটো। বনবিভাগে শকা সাপটো গেলেকী কমলাবাৰী মেলি দিয়ে।

সাধাৰণতে সাপ দেখিলে মাৰি পেলোৱাৰ স্বভাৱৰ পৰিবৰ্তে ভাতৃদ্বয়ৰ এনে প্ৰকৃতিপ্ৰেমী পদক্ষেপক সকলোয়ে শলাগ লৈছে।