ক’ভিড ভেকচিনৰ তৃতীয় পালি প্ৰদানৰ কাম সমাপ্ত হোৱাৰ পিছতে দেশত নাগৰিকত্ব সংশোধনী আইন চমুকৈ CAA কাৰ্যকৰী কৰা হ’ব, এই মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ। মঙলবাৰে পশ্চিমবংগৰ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে সংসদ ভৱনত গৃহ মন্ত্ৰী অমিত শ্বাহক লগ ধৰি তেওঁক শীঘ্ৰে নাগৰিকত্ব আইন বলৱৎ কৰিবলৈ অনুৰোধ জনোৱাৰ পিছতে অমিত শ্বাহে এইদৰে কয়।
সাংবাদিকৰ আগত এই কথা উল্লেখ কৰি অধিকাৰীয়ে CAA সন্দৰ্ভত বিৰোধী দলসমূহে হিন্দু-মুছলমানৰ ৰাজনীতি চলাই অহা বুলি অভিযোগ কৰি কয় যে পশ্চিমবংগৰ ক্ষেত্ৰত নাগৰিকত্ব আইন কাৰ্যকৰী কৰাটো অত্যন্ত জৰুৰী, ৰাজ্যখনত বহু লোক ইয়াৰ দ্বাৰা লাভান্ৱিত হ’ব বুলি তেওঁ উল্লেখ কৰে।
উল্লেখযোগ্য যে দেশজুৰি হোৱা ব্যাপক প্ৰতিবাদৰ সত্ত্বেও নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে ২০১৯ চনৰ ১১ ডিচেম্বৰত সংসদত নাগৰিকত্ব সংশোধনী আইনখন গৃহীত কৰিছিল। অৱশ্যে বিতৰ্কিত আইনখন যুগুতাই তোলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই।
আইনখন কাৰ্যকৰী হ’লে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ চুবুৰীয়া বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা হিন্দু, জৈন, পাৰ্চী আৰু খ্ৰিষ্টিয়ানধৰ্মী লোকসকলে নাগৰিকত্ব লাভ কৰিব।