এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা আৰু সাহসীকতাৰ বাবে নতুন জীৱন পালে এগৰাকী লোকে। ভৰা নৈত জাঁপ দি জীৱন্তে উদ্ধাৰ কৰিলে এগৰাকী আত্মহত্যা কৰিবলৈ লোৱা ব্যক্তিক।

যোৱা ৩১ অক্টোবৰত নিজৰ জীৱনৰ নিৰাপত্তাক গুৰুত্ব নিদি কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’চি) সমৰজিৎ বসুমতাৰী। সমৰজিত বসুমতাৰীয়ে লঙ্গাই নদীত জঁপিয়াই এজন ডুবিব ধৰা ব্যক্তিক উদ্ধাৰ কৰে।

আত্মহত্যা কৰিব বিচৰা লোক এজনক অতি কৌশলেৰে উদ্ধাৰ কৰে আৰক্ষী বিষয়াগৰাকীয়ে। আৰক্ষী বিষয়াগৰাকীৰ এনে সাহসিক কার্যক এতিয়া অঞ্চলটোৰ সকলোৱে প্ৰশংসা কৰিছে।

ইতিমধ্যে অসম আৰক্ষীয়েও আৰক্ষী বিষয়া গৰাকীৰ সাহস আৰু কৰ্মক প্ৰশংসা কৰি চচিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি  কয়, 'তেওঁৰ এই আত্ম স্বাৰ্থ বিহীন সেৱা সমগ্ৰ অসম আৰক্ষীৰ বাবেই গৌৰৱৰ নিদৰ্শন।আমি তেওঁৰ এই সাহসিকতাক প্ৰণাম জনাইছোঁ।ভগৱানে তেওঁক যেন সদায় আশীৰ্বাদ দিয়ে।'