শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহৰ বাবে সাজু হৈ উঠিছে উদযাপন সমিতি। অহা ৪, ৫ আৰু ৬ নৱেম্বৰত সাপেখাতিত অনুষ্ঠিত হবলগীয়া সমাৰোহৰ বাবে প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভক্ত সকলক আদৰিবলৈ সাজু হৈ উঠিছে উদযাপন সমিতি। ইফালে ৰাজ্যৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠনটোৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহৰ প্ৰস্তুতিৰ বুজ ললে সাংসদ তপন কুমাৰ গগৈয়ে।