সোনোৱাল কছাৰীসকলৰ নতুন ৰাজনৈতিক মঞ্চ জন্মৰ উকমুকনি। ৰাজনৈতিক অধিকাৰ বিচাৰি মিলিত হল টিংখাং সমষ্টিৰ কেইবাশতাধিক লোক সোনোৱাল কছাৰীসকলৰ ৰাজনৈতিক অধিকাৰ বিচাৰি ডিব্ৰুগড় জিলাৰ টিংখাং বৰডুপ শল'গুৰিত মিলিত হল টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক সোনোৱাল কছাৰী লোক।

অংশগ্ৰহন কৰিলে সোনোৱাল কছাৰী জনগোষ্ঠীৰ বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মী, জনগোষ্ঠীয় সংগঠনৰ কৰ্মী আৰু সোনোৱাল কছাৰী জনগোষ্ঠীৰ বিশেষ ব্যক্তিয়ে। আলোচনাসভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰা হয়। ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰায় ডেৰ লাখ সোনোৱাল কছাৰী ভোটাৰ থকাৰ পিছতো ৰাজনৈতিক দলসমূহে ৰাজনৈতিক ভাৱে সোনোৱাল কছাৰী জনগোষ্ঠীৰ লোকক গুৰুত্ব প্ৰদান কৰা নাই।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালকে ধৰি সোনোৱাল কছাৰী জনগোষ্ঠীৰ কেইবাজনো বিধায়কক প্ৰাধান্য নিদিলে ৰাজনৈতিক দলসমূহে। আনকি জিলা সমিতি আৰু মণ্ডল পৰ্য্যায়ৰ সমিতিসমূহতো সোনোৱাল কছাৰী জনগোষ্ঠীৰ কোনো বিষয় ববীয়া নাই।

আগন্তুক সময়ত ৰাজনৈতিক অধিকাৰ বিচাৰি মাৰ বান্ধি থিয় দিব সোনোৱাল মঞ্চই। পৰবৰ্তী সময়ত ডিব্ৰুগড় জিলাৰ আন আন সমষ্টিতো এই সজাগতা সভা অনুষ্ঠিত কৰিব। পৰবৰ্তী বিশাল সমাবেশত আগন্তুক নিৰ্বাচনত লবলগীয়া ভূমিকা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহন কৰিব।