গ্ৰন্থ ভিজিটেলাইজেশ্বনৰ নামত ৰাজ্যৰ শ শ নিবনুৱাক প্ৰৱঞ্চনাৰ জালত সুমুৱাই ৫০০ কোটি টকা লুটি নিয়া প্ৰৱঞ্চক চক্ৰটোৰ সন্ধান নাই৷ বহিঃৰাজ্যৰ প্ৰৱঞ্চক চক্ৰটোৰ এজনক গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যদিও ৰৌ-বৰালিক বৰ্তমানেও স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই৷

গুৱাহাটীৰ ৰৌ-বৰালিক চুবই পৰা নাই বৰা ছাৰ্ভিচত ‘স্কিল কিটছ’ নামৰ প্ৰতিষ্ঠান খুলি বহিঃৰাজ্যৰ প্ৰৱঞ্চক চক্ৰই গ্ৰন্থ ডিজিটেলাইজেশ্বনৰ নামত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীৰ পৰা সংগ্ৰহ কৰিছিল লাখে লাখে টকা৷

বিদেশী ৰাষ্ট্ৰৰ গ্ৰন্থ কম্পিউটাৰত স্কেন কৰি পি ডি এফ ফৰ্মেটলৈ ৰূপান্তৰ কৰা অৰ্থাৎ ভিজিটেলাইজেশ্বনৰ নামত ৰাজ্যৰ সহস্ৰাধিক যুৱক-যুৱতীক সহজে ধন ঘটাৰ পলোভন দি প্ৰায় ৫০০ কোটি টকা সংগ্ৰহ কৰিছিল প্ৰৱঞ্চক চক্ৰটোৱে৷

গ্ৰন্থ ভিজিটেলাইজেশ্বনৰ কামৰ বাবদ নিবনুৱা যুৱক-যুৱতীৰ পৰা আগধন হিচাপে নূ্যনতম ৩ লাখ টকাৰ পৰা ২০ লাখ টকা পৰ্যন্ত সংগ্ৰহ কৰিছিল চক্ৰটোৱে৷ আনকি স্কেনাৰ যন্ত্ৰ দিয়াৰ বাবতো অতিৰিক্ত ৩৫ হাজাৰ টকাকৈ সংগ্ৰহ কৰিছিল চক্ৰটোৱে৷ কিন্তু ধন সংগ্ৰহ কৰিয়েই স্কিল কিটছ নামৰ প্ৰতিষ্ঠানটোৰ বহিঃৰাজ্যৰ মূল প্ৰবঞ্চক চক্ৰটোৱে ফোনৰ ছুইটছ অফ কৰি আত্মগোপন কৰে৷ ইয়াৰ পাছতেই লাভৰ আশাত কষ্টৰে জমা দিয়া ধন হেৰুৱাই হাহাকাৰ কৰা বিনিয়োগকাৰী যুৱক-যুৱতীসকলে শুকুৰবাৰে গুৱাহাটীৰ পল্টন বজাৰ থানাত গোচৰ ৰুজু কৰে৷ এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে শুকুৰবাৰে নিশা স্কিল কিটছৰ সঞ্চালক কৌশিক বৈশ্যক জু-ৰোডৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে৷

শনিবাৰে আদালতত হাজিৰ কৰোৱাই দুদিনৰ আৰক্ষীৰ জিম্মাত লোৱা ধৃত কৌশিকে আৰক্ষীৰ জেৰাত নিজকে স্কিল কিটছৰ সাধাৰণ কৰ্মচাৰী বুলিহে দাবী কৰিছে৷ এই সমগ্ৰ প্ৰৱঞ্চনাৰ আঁৰত হাৰিয়ানাৰ সুধাংশু চৌহান, দলবিন্দৰ সিং, সঞ্জীৱ আগৰৱালা, গৌৰৱ আগৰৱালা আৰু ৰাকেশ বৰ্মন নামৰ তিনিজন লোক জড়িত থকা বুলি সদৰি কৰিছে৷

প্ৰৱঞ্চক চক্ৰটোক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত হাৰিয়ানাৰ গুৰগাঁৱৰ এইচ ডি এফ চি বেংকৰ একাউণ্টৰ ভিত্তিত তদন্ত কৰিলেই মাষ্টাৰ মাইণ্ড ধৰা পৰিব বুলি মত ব্যক্ত কৰিছে ভুক্তভোগী যুৱক-যুৱতীসকলে৷ কিয়নো স্কিল কিটছৰ গুৰগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ নামত থকা বেংক একাউণ্টতে ধনৰ লেনদেন কৰিছিল বিনিয়োগকাৰীসকলে৷

ইফালে, পল্টন বজাৰ থানাত গোচৰ ৰুজু হোৱাৰ পাছতেই স্কিল কিটছৰ দুই মহিলা কৰ্মচাৰী বিদিশা দেৱী আৰু ৰিণি শইকীয়া থানাত হাজিৰ হয়৷ বিদিশা শইকীয়াক আৰক্ষীয়ে যাবলৈ দিছে যদিও ৰিণি শইকীয়াক জেৰা অব্যাহত ৰাখিছে তদন্তকাৰী আৰক্ষীয়ে৷