টাইপাৰ দাবীৰ পাছত আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় নেতৃত্বই।

অৱশেষত টাইপাৰ দাবীত হেও মানিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই। আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘৰ নেতৃত্বই। সোণাৰিত টাই আহোম যুৱ পৰিষদ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰুদ্ধদ্বাৰ বৈঠক।সোণাৰি আৱৰ্ত ভৱনত এই বৈঠক।

টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, যুটীয়া সম্পাদক ড° দুৰ্লভ পাঠক, সাহিত্য শাখাৰ সভাপতি মৃণাল বৰুৱাৰ ওপৰিও দুয়োটা সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বৰ অংশগ্ৰহণ।