সোণাৰিত টাই আহোম যুৱ পৰিষদ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰুদ্ধদ্বাৰ বৈঠক। সোণাৰি আৱৰ্ত ভৱনত অনুষ্ঠিত হৈছে এই বৈঠক। টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ ওপৰিও দুয়োটা সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বৰ অংশগ্ৰহণ।
চকলং বিবাহ অনুষ্ঠানত উপস্থিত থকাৰ বাবেই মৰিয়নিৰ চাৰিটা পৰিয়ালক শংকৰদেৱ সংঘৰ লাহিং আঞ্চলিকে শুদ্ধিকৰণ কৰাৰ অভিযোগ উত্থাপন হোৱাত এই সন্দৰ্ভত বিতৰ্ক সৃষ্টি হোৱাৰ পাছত টাই আহোম যুৱ পৰিষদ অসমৰ নেতৃত্বই আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছিল শংকৰদেৱ সংঘৰ নেতৃত্বক। ইয়াৰ পাছতেই আজি অনুষ্ঠিত বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে।