ঢকুৱাখনাত সাহাদেৱ মানিকপুৰ প্ৰাথমিক বিদ্যালয়ত সহঃশিক্ষয়িত্ৰী কনকলতা হাজৰিকাৰ বিদায় সম্বৰ্ধনা

(পেন্সনৰ কাগজ-পত্ৰও প্ৰদান)

ঢকুৱাখনা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ সাহাদেৱ মানিকপুৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী কনকলতা হাজৰিকাৰ বিদায় সম্বৰ্ধনা সভা সোমবাৰে অনুষ্ঠিত হৈ যায়। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত জিলা শিক্ষা বিষয়া লক্ষী দাসৰ সঞ্চালনাত আয়োজিত এই বিদায় সম্বৰ্ধনা সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ঢকুৱাখনাৰ বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক চুমী শইকীয়া,

 খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গুণীন দত্ত, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নবীন গগৈ,ঘাঁহিগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক-

পৰমা কোঁৱৰ,সহকাৰী শিক্ষয়িত্ৰী সৰ্বেশ্বৰী পেগুকে আদি কৰি বহুকেইজন 

বিশিষ্ট ব্যক্তি।উল্লেখ্য যে 

এই অনুষ্ঠানতেই ঢকুৱাখনা মহকুমাত প্ৰথমবাৰৰ বাবে কৃতজ্ঞতা আঁচনিৰ অধীনত প্ৰথমগৰাকী শিক্ষয়িত্ৰী হিচাপে কনকলতা হাজৰিকাৰ হাতত

অৱসৰৰ পিছত পেন্সন লাভৰ বাবে প্ৰয়োজনীয় যাৱতীয় কাগজ পত্ৰৰ ফাইলো আনুষ্ঠানিকভাৱে অৰ্পণ কৰে বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক চুমী শইকীয়া আৰু উচ্চ বৰ্গৰ সহায়ক চিৰন্তন চেতিয়াই।সভাত বক্তব্য ৰাখি শিক্ষা বিষয়া গুণীন দত্তই কয় যে-"চৰকাৰী বিদ্যালয়ৰ বহু শিক্ষকৰ বিদ্যালয়লৈ যোৱা অনীহাৰ বাবে আমি লজ্জিত হওঁ।

কিবা ব্যৱস্থা ল'বলৈ গ'লেও শিক্ষক সংগঠনে বেয়া পায়। আজিও এখন বিদ্যালয় চাবলৈ গৈছিলোঁ কিন্তু শিক্ষক এজনো নেপালোঁ উপস্থিত থকা।"

ইফালে সভাত- কন কন ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতলৈ পিঠি দি বিদ্যালয়ত অনুপস্থিত থাকি ব্যক্তিগত কামত জড়িত হৈ থকা শিক্ষক সকলক সকীয়াই দি ঢকুৱাখনা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পৰমা কোঁৱৰে কয় যে-"কোনো শিক্ষকেই নিজৰ কৰ্তব্যলৈ পিঠি দি অন্য কামত জড়িত থকাটো ভাল কথা নহয়।এনে কাৰ্যক সন্মিলনীয়ে কেতিয়াও সমৰ্থন নকৰে।গতিকে সকলো শিক্ষককে নিজৰ কৰ্তব্যৰ প্ৰতি দায়বদ্ধ হৈ শৈক্ষিক কাৰ্যত জড়িত থাকিবলৈ আহ্বান জনাই।"