পৰম্পৰাগত শিল্পী আৰু কাৰিকৰ সকলক উদগনি জনোৱাৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা পি এম বিশ্বকৰ্মা আঁচনিৰ অধিনত ৰহা বহুমুখী খাদী বুনিয়াদী প্ৰশিক্ষণ প্ৰতিষ্ঠানত যোৱা ১৭ জানুৱাৰী ৰ পৰা আৰম্ভ হোবা দৰ্জী প্ৰশিক্ষণ ৰ আজি সফল সামৰনি পৰে।

    এই প্ৰশিক্ষণ ত বৃহতৰ ৰহা আঞ্চলৰ ২৬ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰি প্ৰশিক্ষণ লয়।এই উপলক্ষে প্ৰতিষ্ঠানৰ সভাকক্ষত আজি এখন সামৰনি অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানত ৰহা বহুমুখী খাদী গ্ৰামোদ্যোগ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ উৎপল হাজৰিকাই প্ৰশিক্ষণ গ্ৰহন কৰা যুবতী মহিলা সকলক চৰকাৰৰ আঁচনিৰ লগতে খাদী গ্ৰামোদ্যোগ বৰ্ডৰ জৰিয়তে আগবঢ়োৱা সুবিধা সমুহ গ্ৰহন কৰি ঘৰত এনেই বহি নাথাকি স্বনিয়োজিত হোবাৰ আহ্বান জনাই।

আজিৰ এই প্ৰশিক্ষন সামৰনি অনুষ্ঠানত ৰহা খাদী গ্ৰামোদ্যোগ বৰ্ডৰ বিনোদ মহন্ত,ধ্ৰুৱ গোস্বামী আদিৰ লগতে প্ৰশিক্ষক সকল উপস্থিত থাকে।

      উল্লেখযোগ্য যে ৰহাৰ এই প্ৰতিষ্ঠানটোৰ জৰিয়তে পি এম বিশ্বকৰ্মা আঁচনিৰ অধিনত দৰ্জী প্ৰশিক্ষণৰ লগতে অসম খাদী গ্ৰামোদ্যোগ আয়োগৰ অধিনত যোৱা ১০ জানুৱাৰী পৰা আহঁ উদ্যোগৰ এমহিয়া আৰু বায়ন শিল্পৰ ৬মহিয়া এলানি প্ৰশিক্ষণো আৰম্ভ কৰা হৈছে।এই প্ৰশিক্ষণ কাৰ্য্যসূচীসমূহত দৰ্জীৰ প্ৰশিক্ষন প্ৰদান কৰিছে মিনাক্ষী দাসে,আঁহ উদ্যোগৰ প্ৰশিক্ষণ দিছে বিচম্বৰ বৰদলৈয়ে আৰু বয়ন শিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰিছে মৌচুমী দেবীয়ে।