আহোম ৰজাৰ ৰজাত্বৰ সময়ত স্বৰ্গদেউ ৰুদ্ৰ সিংহই সত্ৰৰ মাটিখিনি দান কৰিছিল। 

১৬০০ খ্ৰীষ্টিব্দত শ্ৰী শ্ৰী গোপাল আতায়ে উক্ত ভূমিত শ্ৰী শ্ৰী দিহিং সত্ৰভাগ প্ৰতিষ্ঠা কৰিছিল বুলি জনশ্ৰুতিৰ পৰা জানিব পৰা যায়। 

     উল্লেখ্য যে, প্ৰতি বছৰৰ মাঘ মাহৰ কৃষ্ণা একাদশীৰ দিনা শ্ৰী শ্ৰী দিহিং সত্ৰভাগত আধ্যাত্মিকতেৰে অনুষ্ঠিত হোৱা অৰ্চন বন্দন অনুস্থানলৈ ৰাজ্যৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তৰ সমাগমে শ্ৰী শ্ৰী দিহিং সত্ৰৰ ঐতিহ্য আৰু আধ্যাত্মিকতাৰ পৰিচয় বহন কৰি আহিছে। এনে ঐতিহ্যৰে মহীয়ান শ্ৰী শ্ৰী দিহিং সত্ৰৰ কাষৰীয়া ঠাইত ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্ত্তি উদ্ধাৰ হোৱাতো পৌৰাণিক ইতিহাসৰ পৰিচয় দিয়ে।