গোলাঘাটৰ ধনশিৰি নদীৰ ঘাটত ষট্ পুজাৰ সফল সামৰণি। ষট্ পুজাৰ বাবে সমগ্ৰ ৰাজ্যৰ  সমান্তৰালভাৱে গোলাঘাটতো দেখা গ'ল ব্যাপক উৎসাহ। গোলাঘাটৰ ধনশিৰি নদীৰ ঘাট ন-ৰূপত উদ্যোক্তাসকলে সজায় তোলা দেখা গ'ল। সু-শৃংখলিত আলোকসজ্জাৰে জিলিকাই তুলিলে ঘাটতো । কাতিমাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথিত অনুষ্ঠিত হয় এই ষট্ পূজা। কালি পঞ্চমী তিথিত অস্তগামী সুৰ্য্যক অৰ্ঘ দিয়াৰ পাছত পুনৰ আজি পুৱা উদিত সূৰ্য্যক অৰ্ঘ প্ৰদান কৰি ব্ৰত ভ্ঙাৰ পাছতেই সমাপ্তি ঘটে এই পূজাৰ।