ঐক্যবদ্ধ ভাৰতৰ অন্যতম খনিকৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে আজি সমগ্ৰ দেশৰ লগতে নাজিৰা মহকুমাতো নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত চৰাইদেউ মৈদামত পুৱা ৭ বজাত ৰাষ্ট্ৰীয় একতা দিৱস অনুষ্ঠিত কৰা হয় ।
অনুষ্ঠানৰ আৰম্ভণিতে দল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোহন সন্দিকৈক সম্বৰ্ধনা জনাই নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে। তদুপৰি, চুকাফা গাওঁ পঞ্চায়তৰ সভাপতিয়ে মহকুমাধিপতিক সম্বৰ্ধনা জনায়।
এই দিৱসৰ লগত সংগতি ৰাখি চৰাইদেউ মৈদামৰ পৰা "সংহতি দৌৰ"ৰ আয়োজন কৰা হয়। সংহতি দৌৰ শুভাৰম্ভ কৰাৰ প্ৰকমুহূৰ্তত মহকুমাধিপতি আয়ুষী জৈনে সকলোকে একতাৰ শপত বাক্য পাঠ কৰায়।
তেখেতে কয় যে, "চৰ্দাৰ বল্লভভাই পেটেলে যিদৰে সকলোকে একতাৰ দুলেৰে বান্ধিছিল, ঠিক তেনেদৰে আমি জাতি ধৰ্ম নিৰ্বিশেষে এখন ঐক্যবদ্ধ সমাজ গঠনৰ দিশত আগবাঢ়ি যাব লাগিব।"
এই অনুষ্ঠানৰ অন্তত সকলোৰে মাজত মহকুমাধিপতি আয়ুষী জৈনে লঘূ আহাৰ বিতৰণ কৰে।
উক্ত অনুষ্ঠানত নাজিৰা ৰাজহ চক্ৰ বিষয়া ভানলাল লিম্পুইয়া নাম্পুই,সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱাল, নাজিৰা নিৰ্বাচনী বিষয়া অংশুলেখা দত্ত পাঠক, খণ্ড উন্নয়ন বিষয়া তন্ময় চেতিয়া,বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল, কৰ্মচাৰী সকল,আৰক্ষী বাহিনী, নাজিৰা আৰু শিমলুগুৰি পৌৰ সভাৰ বিষয়া কৰ্মচাৰী সকল, চাফাই কৰ্মী সকল, মহকুমা প্ৰশাসনৰ সমূহ কৰ্মচাৰী সকল, বিভিন্ন বিদ্যালয়- মহাবিদ্যালয়ৰ শিক্ষক - শিক্ষয়েত্ৰী, ছাত্ৰ - ছাত্ৰী সকল, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মহিলা সকল, নাজিৰাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদসেৱী সকলৰ লগতে গৰিষ্ঠ সংখ্যক স্থানীয় ৰাইজৰ উপস্থিত থাকে।