মৰাণত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনৰ উপলক্ষ্যে একতাৰ দৌৰ

আজি স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন উদযাপন কৰা হয় সমগ্ৰ দেশত। অসমতো প্ৰতিখন জিলাত ৰাতিপুৱাই উলিওৱা হয় একতাৰ দৌৰ। সমান্তৰালকৈ চৰাইদেউ জিলাৰ মৰাণত মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা জিলা প্ৰশাসনৰ উদ্যোগত মৰাণ পৌৰসভালৈকে ওলিওৱা হয় একতাৰ দৌৰ। এই একতাৰ দৌৰত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ যোগেন মহন, চক্ৰ বিষয়া ইণ্ডিকা গগৈ, মাহমৰা খণ্ড উন্নয়ন বিষয়া উৎপল গগৈ ৰ লগতে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, প্ৰশাসনৰ লোক উপস্থিত থাকে